IAS বিষয়াৰ মাহিলী দৰমহা কিমান? UPSC পৰীক্ষা উত্তীৰ্ণ হোৱা পিছত এজন IAS বিষয়াই কিমান উপাৰ্জন কৰে?? জানো আহক!!!
আমি সকলোৱে জ্ঞাত যে ভাৰতৰ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এজন IAS বিষয়া হোৱাটো অতিকে জটিল প্ৰক্ৰিয়া। প্ৰতি বছৰে লাখ লাখ পৰীক্ষাৰ্থীৰ মাজৰ পৰা প্ৰায় ৮০০-১০০০ জন পৰীক্ষাৰ্থীহে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। আপুনি কেতিয়াবা ভাবি আচৰিত হয় নে যে ইমান অহোপুৰুষাৰ্থ কৰি লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত এজন বিষয়াই কিমান দৰমহা পায়?? IAS বিষয়া সকলে ভাৰতীয় প্ৰশাসনিক সেৱাৰ জৰিয়তে বিভিন্ন মন্ত্ৰালয়ত কাম কৰাৰ সুবিধা পায়। প্ৰশাসনিক বিভাগকে ধৰি কেইবাটাও ভিন্ন মন্ত্ৰালয়ত এই বিষয়া সকলে সেৱা আগবঢ়ায়। এজন IAS বিষয়াৰ সৰ্বোচ্চ পদবী হৈছে কেবিনেট চেক্ৰেটেৰী। লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এজন IAS বিষয়াই আকৰ্ষণীয় বেতন লাভ কৰে। সপ্তম বেতন আয়োগৰ নীতি অনুসৰি এজন IAS বিষয়াৰ প্ৰাথমিক পৰ্যায়ৰ দৰমহা ৫৬,১০০ টকা। দৰমহাৰ উপৰিও এওঁলোকক অন্য কিছু ভাট্টা প্ৰদান কৰা হয়। যেনে ভ্ৰমণ ভাট্টা, মৰগীয়া বানচ আদি। অন্য এক তথ্য অনুসৰি সকলো যোগ কৰি সৰ্বমুঠ উপাৰ্জন ১লাখৰো অধিক বুলি জানিব পৰা গৈছে। অন্যহাতে যিসকল বিষয়াই কেবিনেট চেক্ৰেটেৰী পদত অধিষ্ঠিত হয়গৈ তেওঁলোকৰ দৰমহা২,৫০,০০০ পৰ্যন্ত হয...