স্বদেশী মাইক্ৰব্ল'গিং সামাজিক মাধ্যম kooৰ নাইজেৰিয়াত সমাদৰ


 ভাৰত চৰকাৰৰ নীতি নিৰ্দেশনা অমান্য কৰা বাবে টুইটাৰৰ লগত মতৰ অমিল হৈ থকা সময়তে দেশীয় সামাজিক মাধ্যম Kooয়ে বিদেশত জনপ্ৰিয়তা লাভ কৰিছে। Kooৰ মূখ্য কাৰ্যবাহী বিষয়া অপ্ৰময় ৰাধাকৃষ্ণই জানিবলৈ দিয়া মতে নাইজেৰিয়া চৰকাৰে Kooত অফিচিয়েল একাউণ্ট খুলিছে। 




উল্লেখযোগ্য যে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিয়ে দিয়া এটা পোষ্ট ডিলিট কৰাক কেন্দ্ৰ কৰি নাইজেৰিয়াত টুইটাৰক নিষিদ্ধ ঘোষণা কৰা হৈছিল। বৰ্তমান ভাৰতীয় এপ Kooৰ ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ৬০ লাখ অতিক্ৰম কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত Kooৰ ব্যৱহাৰৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। চৰকাৰী নিৰ্দেশ অৱমাননা কৰা বিদেশী এপ টুইটাৰৰ ভৱিষ্যত ভাৰততো বৰ্তমান অনিশ্চয়তাৰ মাজত।



Koo হৈছে সম্পুৰ্ণ স্বদেশী মাইক্ৰব্ল'ভিং আৰু সামাজিক মাধ্যম সেৱা। প্ৰথমতে ইয়াক ku koo ku আৰু পাছত koo নাম দিয়া হয়। অপ্ৰমেয় ৰাধাকৃষ্ণ আৰু ময়ংক বিদাৱতকা নামৰ দুজন ব্যক্তিয়ে এই এপটো ডিজাইন কৰিছিল। আগষ্ট ২০২০ত kooয়ে ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰ এপ উদ্ভাৱন চেলেঞ্জ জয়ী হৈছিল। এই এপটোৰ বৰ্তমান মূল্য ১০০ মিলিয়ন ডলাৰ।

Comments

Popular posts from this blog

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা

লখিমপুৰ ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণৰ লখিমপুৰ ভ্ৰমণ