লখিমপুৰ ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণৰ লখিমপুৰ ভ্ৰমণ
অসম চৰকাৰৰ শ্ৰম আৰু জনকল্যাণ দপ্তৰৰ মন্ত্ৰী তথা লখিমপুৰ ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে আজি দিনজোৰা কায্যসুচীৰে লখিমপুৰ ভ্ৰমণ কৰে ।লখিমপুৰ ভ্ৰমণ কৰা সময়ত লখিমপুৰ চিকিৎসা মহাবদ্যালয়ত কভিড পৰিস্থিতিৰ বুজ লোৱাৰ পৰবৰ্তী সময়ত মন্ত্ৰী গৰাকীয়ে জহিং – কয়লামাৰী বাগান ভ্ৰমণ কৰি চাহ শ্ৰমিক সকলৰ সমস্যাৰ বুজ লয়।
তাৰ পাছতে মন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সভাগৃহত জিলাখনৰ চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়া আৰু জন প্ৰতিনিধি সকলৰ লগত এখন পয্যালোচনা সভাত মিলিত হয় । এই সভাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা,বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাঁ আৰু ৰাজ্য সভাৰ সাংসদ ৰানী নৰহ উপস্হিত থাকে ।
সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে লখিমপুৰ জিলাৰ সৰ্ব্বাংগীন উন্নয়নৰ বাবে তেখেতে চিন্তা কৰাৰ লগতে বৰ্তমানৰ কভিদ ১৯ আৰু বানপানীৰ সৈতে মোকামিলা কৰিবলৈ বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিব । সমান্তৰালকৈয়ে দুলুং,ৰঙা,পাভ আদি সংৰক্ষিত বনাঞ্চল সমূহত অৰুণাচলীৰ আগ্ৰাসনৰ পৰা মুক্ত কৰিবলৈও পদক্ষেপ গ্ৰহণ কৰি মূখ্যমন্ত্ৰীৰ জৰিয়তে আগন্তক চিলং ভ্ৰমণলৈ আহিব লগা ৰাষ্ট্ৰীয় নেতা অমৃত শ্বাহক এই বিষয়ত অৱগত কৰাৰ আশ্বাস দিয়ে মন্ত্রী গৰাকীয়ে । অন্যহাতে পূৰ্বে নিযুক্তি পোৱা লখিমপুৰ – ধেমাজিৰ নাৰ্চ কৰ্মী সকলে অসমৰ বিভিন্ন স্হানত কৰ্মৰত হৈ থকা সকলকো নিজ নিজ জিলালৈ ঘূৰাই অনাৰ ব্যৱস্হাও গ্ৰহণ শীঘ্ৰেই কৰা হব বুলিও ঘোষণা কৰে লখিমপুৰ – ধেমাজিৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে ।




Comments
Post a Comment